Breadcrumb

Asset Publisher

বঙাইগাঁৱত ৫৫৫ কোটি টকাৰ প্ৰকল্প বঙাইগাঁৱত ৫৫৫ কোটি টকাৰ প্ৰকল্প
21 Mar, 2024
২৭ জুলাই ২০২৩ত বঙাইগাঁও জিলাত 'বিকাশ উৎসৱ' আৰম্ভ হয়৷ বঙাইগাঁওবাসীৰ সামগ্ৰিক বিকাশৰ হেতু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন আন্ত:গাঁথনিমূলক প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰে৷ বঙাইগাঁও জিলালৈ ৰাজ্য চৰকাৰৰ এই মেটমৰা সম্ভাৰে জিলাখনক প্ৰগতি আৰু উন্নয়নৰ দিশত অধিক গতিশীলতা প্ৰদান কৰিলে৷ ৰাজ্য চৰকাৰৰ মাননীয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, সাধাৰণ প্ৰশাসন ইত্যাদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীৰণজিৎ কুমাৰ দাস ডাঙৰীয়া, মাননীয় বিধায়কসকল ক্ৰমে শ্ৰীফণীভূষণ চৌধুৰী ডাঙৰীয়া, আব্দুল বাতেন খন্দকাৰ ডাঙৰীয়া, শ্ৰীঅজয় কুমাৰ ৰায় ডাঙৰীয়া আৰু শ্ৰীপ্ৰদীপ সৰকাৰ ডাঙৰীয়াও এই উপলক্ষে আয়োজিত অনুষ্ঠানত গৌৰৱময় উপস্থিতিৰে সমৃদ্ধ কৰে৷ সাতটা প্ৰকল্পৰ উদ্বোধন কৰাসমূহৰ ভিতৰত আছিল-- বৰঘোলা-কীৰ্তনপাৰা পথত আই নৈৰ ওপৰত পকী দলং নং ১/২ আৰু ওখ আলিৰ বেষ্টনীৰে সংযোগী পথ, ইক' পাৰ্ক আৰু সংলগ্ন জলাশয়ৰ উন্নয়ন (পৰ্যায়-১), বিশ্ব মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি, নৱনিৰ্মিত আলোচনা ভৱন তথা সন্মিলন কেন্দ্ৰ, ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ স্থায়ী ভেটি আৰু স্তম্ভ আৰু থীম পাৰ্ক৷ তদুপৰি শিলান্যাস কৰা প্ৰকল্পসমূহ আছিল-- যোগীঘোপাৰ পৰা শ্বহীদ বেদী পথৰ উন্নয়ন আৰু উন্নীতকৰণ; সৃজনগ্ৰামত শ্ৰীৰঘুনাথ মন্দিৰৰ আন্ত:গাঁথনি উন্নয়ন-- অতিথিশালা, নামঘৰ আৰু নাটঘৰ, সীমা দেৱাল, দ্বাৰ আৰু নলা; তালগুৰি-বাসুগাঁও পথ আৰু ধৰ্মপুৰ-বৰঘোলা পথৰ উন্নয়ন; নোৱাগাঁৱৰ পৰা দক্ষিণ নম্বৰপাৰা, পূব জাপিয়া হৈ ৰঙাপানী গাঁও পথৰ নিৰ্মাণ; এম আৰ এল ০৮-আঠুগাঁৱৰ পৰা ডাংতল বজাৰ হৈ চুঙাপোতা পথৰ উন্নীতকৰণ আৰু বৰ্ষণগাঁও মিনি ষ্টেডিয়াম৷ উক্ত সমূহ প্ৰকল্পৰ বাবে সৰ্বমুঠ প্ৰকল্প ব্যয় হৈছে ৫৫৫ কোটি টকা৷

অসমত আদৰ্শ বিদ্যালয় স্থাপনেৰে শৈক্ষিক উন্নয়নৰ সবল খোজ অসমত আদৰ্শ বিদ্যালয় স্থাপনেৰে শৈক্ষিক উন্নয়নৰ সবল খোজ
21 Mar, 2024
শিক্ষাৰ জৰিয়তে এটা জাতি বা জনগোষ্ঠী তথা ৰাজ্যখনক আগুৱাই নিয়াৰ লক্ষ্যৰে আমাৰ চৰকাৰে ৰাজ্যত আদৰ্শ বিদ্যালয় স্থাপন কৰিবলৈ এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ আদৰ্শ বিদ্যালয়সমূহ হৈছে ৰাজ্যখনৰ শিক্ষাগতভাৱে পিছপৰা অঞ্চলত অৱস্থিত চি বি এছ ই অনুমোদিত ইংৰাজী মাধ্যমৰ বিদ্যালয়। এনে বিদ্যালয়সমূহ আদৰ্শ বিদ্যালয় সংগঠনৰ দ্বাৰা পৰিচালিত। বৰ্তমানলৈ ৰাজ্যজুৰি ৩৮খন এনে বিদ্যালয়ত পাঠদান অব্যাহত থকাৰ লগতে চলিত শিক্ষা বৰ্ষত অসম চৰকাৰে আন ১৮খন বিদ্যালয়ত পাঠদানৰ শুভাৰম্ভ কৰে। ইয়াৰ লগতে অসম চৰকাৰে ৰাজ্যৰ চাহ বাগিচা এলেকাত ১১৮ খন আদৰ্শ বিদ্যালয় স্থাপন কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছিল৷ বিগত বৰ্ষত এই বিদ্যালয়সমূহৰ ভিতৰত ৯৭ খন বিদ্যালয় উদ্বোধন কৰা হৈছে৷ ২০২২-২৩ শৈক্ষিক বৰ্ষৰ পৰা এই ৯৭ খন বিদ্যালয়ৰ পাঠদানো আৰম্ভ হৈছে৷ তদুপৰি যোৱা বছৰটোতে ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীয়ে ৰাজ্যত আন ১০০ খন চাহ বাগিচা আদৰ্শ বিদ্যালয় স্থাপনৰ আধাৰশিলাও স্থাপন কৰিছে। আনহাতে ১১৮ খন চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ মাজৰে নিৰ্মাণ সম্পূৰ্ণ নোহোৱা ২১ খন বিদ্যালয়ৰ ভিতৰত ১৯ খন বিদ্যালয় শেহতীয়াকৈ উদ্বোধন কৰা হয়। বিদ্যালয়ৰ পাঠদান সুচাৰুৰূপে সম্পাদন কৰাৰ বাবে এই ১৯ খন বিদ্যালয়ত অধ্যক্ষকে ধৰি মুঠ ১৩০ গৰাকী শিক্ষকক নিযুক্তি দিয়া হৈছে৷ চাহ বাগিচাত স্থাপন কৰা এই আদৰ্শ বিদ্যালয়সমূহ যাতে আৰম্ভণিৰে পৰা সঠিক পথেৰে আগবাঢ়ে সেই দিশত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। প্ৰত্যেকখন আদৰ্শ বিদ্যালয়ত আধুনিক বিজ্ঞানাগাৰ (Atal Tinkering Lab) আৰু স্মাৰ্ট ক্লাছ (Smart Class)ৰ ব্যৱস্থা কৰা হৈছে। বিগত পাঁচ বছৰত ৯৩% ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰেৰে এক অনন্য সফলতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে Project Child অনুষ্ঠানৰ দ্বাৰা প্ৰত্যেকখন বিদ্যালয়ত শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ লগতে প্ৰতিগৰাকী প্ৰধান শিক্ষক আৰু শিক্ষকসকলক বিশেষজ্ঞৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তদুপৰি নিয়মীয়াকৈ বিজ্ঞান প্ৰদৰ্শনী, আলোচনা-চক্ৰ, কৰ্মশালা, খেল-ধেমালি তথা ক্ৰীড়া প্ৰতিযোগিতা, সাংস্কৃতিক কাৰ্যসূচী, শৈক্ষিক ভ্ৰমণ আদিৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত বৈজ্ঞানিক মানসিকতা আৰু প্ৰতিযোগিতাৰ মনোভাৱ বিকাশৰ সুবিধা প্ৰদান কৰা হৈছে।

ৰাইজৰ সুবিধাৰ্থে দুখনকৈ বুজাবুজিৰ চুক্তি স্বাক্ষৰ ৰাইজৰ সুবিধাৰ্থে দুখনকৈ বুজাবুজিৰ চুক্তি স্বাক্ষৰ
21 Mar, 2024
জনসাধাৰণৰ সেৱা তথা সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে শেহতীয়াকৈ দুটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰত দুখনকৈ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে৷ প্ৰথমখন চুক্তি স্বাক্ষৰিত হয় গুৱাহাটী ৰে'লৱে ষ্টেচন আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ মাজত ৷ গুৱাহাটী ৰে'লৱে ষ্টেচনৰ দ্বিতীয়খন প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰিবলৈ ভূমি বিনিময়ৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগম আৰু এন এফ ৰে'লৱেৰ মাজত এই চুক্তি স্বাক্ষৰিত হয়৷ এই বুজাবুজিৰ চুক্তিৰ দ্বাৰা অসম ৰাজ্যিক পৰিবহণ নিগম আৰু ৰে’লৱে দুয়োটা বিভাগেই লাভান্বিত হ'ব। ইয়াৰ দ্বাৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ অন্তৰ্গত পল্টনবজাৰৰ ভূমি ৰে’লৱে কৰ্তৃপক্ষলৈ স্থানান্তৰ হ’ব৷ ইয়াৰ বিনিময়ত অসম ৰাজ্যিক পৰিবহণ নিগমে জালুকবাৰী অঞ্চলৰ ৰে'লৱেৰ ২০ বিঘা ভূমি লাভ কৰিব৷ এই ভূমি নিগমৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হ'ব। ইয়াৰ জৰিয়তে যাত্ৰীৰ সুবিধাৰ্থে পল্টনবজাৰৰ পৰা গুৱাহাটী ৰে'লৱে ষ্টেচনত প্ৰৱেশ নিশ্চিত হোৱাৰ উপৰিও পল্টনবজাৰ অঞ্চলৰ ভিৰ হ্ৰাস পোৱাৰ ক্ষেত্ৰত ই এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব । লগতে অত্যাধুনিক ৰে'ল টাৰ্মিনেল লাভ কৰি ৰাজ্যখন উপকৃত হ'ব। এই চুক্তিৰ জৰিয়তে বছৰি প্ৰায় এক কোটি যাত্ৰীৰ সমাগম ঘটা অতি গুৰুত্বপূৰ্ণ ৱে’লৱে ষ্টেচনটোক এক অত্যাধুনিক কেন্দ্ৰলৈ উন্নীত কৰাৰ এক দীৰ্ঘদিনীয়া প্ৰয়োজনীয়তা পূৰণ হয়৷ দ্বিতীয়তে অসম অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত চলাচল কৰা জাহাজসমূহৰ বাবে হাই স্পীড ডিজেল যোগানৰ ক্ষেত্ৰত অভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়, অসম আৰু এন আৰ এলৰ মাজত আন এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

ৰাজ্যত অব্যাহত স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়া ৰাজ্যত অব্যাহত স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়া
21 Mar, 2024
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে সম্পূৰ্ণ স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে দিছে চৰকাৰী চাকৰি। মুখ্যমন্ত্ৰীৰূপে ড° হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ গ্ৰহণ কৰাৰে পৰা ৰাজ্যত অব্যাহত আছে ১ লাখ চৰকাৰী চাকৰি প্ৰদানৰ জয়যাত্ৰা। পূৰ্বে মুঠ ৪২,০৭৯গৰাকী প্ৰাৰ্থীৰ সফল নিযুক্তিৰ পাছত অতি শেহতীয়াকৈ যোৱা ২৫ মে’ত ৪৪,৭০৩গৰাকী প্ৰাৰ্থীয়ে লাভ কৰিলে নিযুক্তি পত্ৰ। এইপৰ্যন্ত মুঠ ৮৬,৭৮২গৰাকী প্ৰাৰ্থীয়ে অসম চৰকাৰৰ বিভিন্ন বিভাগত লাভ কৰিছে নিযুক্তি। ৰাজ্যৰ এই সৰ্ববৃৃহৎ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে সকলো শ্ৰেণীৰ যোগ্য যুৱক-যুৱতীৰ মুখত বিৰিঙিছে প্ৰাপ্তিৰ হাঁহি। ৰাইজৰ সেৱাত উৎসৰ্গিত এইখন চৰকাৰৰ দিনত যোগ্য প্ৰাৰ্থী আৰু কেতিয়াও উপেক্ষিত নহয়। চাকৰিপ্ৰত্যাশীৰ বাবে এয়া সোণালী দিনৰ আৰম্ভণি। শীঘ্ৰেই ৰাজ্যত ১ লাখ নিযুক্তিৰ লক্ষ্যৰ দিশত বাকী থকা নিযুক্তি সম্পন্ন কৰা হ’ব।

বিকাশৰ বাবে এটা পষেক বিকাশৰ বাবে এটা পষেক
21 Mar, 2024
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত ৰাজ্যখনলৈ আহিছে উন্নয়নৰ জোৱাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা দুৰদৃষ্টিসম্পন্ন পদক্ষেপসমূহ ৰাইজৰ কল্যাণ সাধনৰ দিশত উল্লেখযোগ্য হিচাপে বিবেচিত হৈ আহিছে। ৰাজ্যখনৰ সৰ্বাংগীণ উন্নয়নৰ দিশত আন এক অভিলাষী পদক্ষেপ স্বৰূপে শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ নেতৃত্বত সফলতাৰে ৰূপায়িত হৈছে “বিকাশৰ বাবে এটা পষেক“ কাৰ্যসূচী। এই কাৰ্যসূচীৰ অধীনত মাননীয় মুখ্যমন্ত্ৰীৰ দ্বাৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বিভিন্ন আন্তঃগাঁথনিমূলক প্ৰকল্পৰ শিলান্যাস, ভূমি ভূজন আৰু শুভ উদ্বোধনৰ কাৰ্য সম্পন্ন হৈছে। প্ৰথম পৰ্যায়ত এই কাৰ্যসূচীৰ জৰিয়তে ১৫,০০০ কোটি টকাৰ মুঠ বিনিয়োগেৰে ১১খন জিলাক সাঙুৰি লোৱা হয়। প্ৰগতিৰ বাটেৰে ৰাজ্যখনক আগুৱাই নিয়াৰ স্বাৰ্থত পৰৱৰ্তী পৰ্যায়ত এই কাৰ্যসূচীৰ অধীনত ৰাজ্যখনৰ বাকী থকা জিলাসমূহো সাঙুৰি লোৱাৰ লক্ষ্য স্থিৰ কৰা হৈছে।

লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তী কেন্দ্ৰীয়ভাৱে পালন লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তী কেন্দ্ৰীয়ভাৱে পালন
21 Mar, 2024
২০২২ চনৰ ২৩, ২৪ আৰু ২৫ নৱেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত মহাবীৰ লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তী কেন্দ্ৰীয়ভাৱে পালন কৰা হয়। ২৩ নৱেম্বৰত মাননীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমন ডাঙৰীয়ানীয়ে ২০০০ বছৰীয়া অসমৰ ইতিহাস আৰু ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ বিৱৰণী সাঙুৰি আয়োজন কৰা এখনি প্ৰদৰ্শনীৰ দ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। মহাবীৰ লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰ আধাৰত প্ৰস্তুত কৰা তথ্যচিত্ৰ প্ৰদৰ্শনীৰ দ্বিতীয় দিনা উপস্থিত আছিল মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহ ডাঙৰীয়া। ২৫ নৱেম্বৰৰ দিনা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি মহাবীৰ লাচিত সম্পৰ্কত অসম চৰকাৰে প্ৰস্তুত কৰা এখনি গ্ৰন্থ উন্মোচন কৰে। ২৩ আৰু ২৪ নৱেম্বৰত দুখন আলোচনা-চক্ৰও অনুষ্ঠিত হয়, য'ত দেশৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ২৬ নৱেম্বৰত পুনেৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত আন এটি অনুষ্ঠান আয়োজিত হৈ যায়। এই অনুষ্ঠানত শ্ৰেষ্ঠ কেডেটলৈ বীৰ লাচিত বৰফুকন বঁটা আগবঢ়োৱা হয়। অসম চৰকাৰে হায়দৰাবাদৰ ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীত এখন মহাবীৰ লাচিত স্মাৰক নিৰ্মাণৰো পৰিকল্পনা গ্ৰহণ কৰিছে।