কেবিনেটৰ সিদ্ধান্ত
Breadcrumb
Asset Publisher
অসম চৰকাৰৰ কেবিনেট বৈঠক ২৫ জুন ২০২২ (৪)
ক) পুৰণি বাহনত সেউজ কৰ (Green Tax)
- অসম মটৰ গাড়ী কৰ (সংশোধনী) আইন, ২০২২ত পুৰণি বাহনৰ ওপৰত ‘সেউজ কৰ' অন্তৰ্ভুক্ত কৰি সেউজ গৃহ গেছৰ নিৰ্গমন হ্রাস আৰু বৰ্তমানৰ কৰ ব্যৱস্থা সুশৃংখলিত কৰাত অনুমোদন
বৈশিষ্ট্যসমূহ
- দুটা শ্লেবত থকা ব্যক্তিগত ও চকীয়া বাহনৰ বাবে বৰ্তমানৰ কৰ হাৰৰ পৰা ১% কৰ হ্ৰাস কৰি বৰ্তমানৰ শ্লেষ ব্যৱস্থা সলনি কৰি এককালীন কৰ (OTT)
খ) দুলীয়াজান নুমলীগড় পাইপলাইন লিমিটেডৰ কৰ্মচাৰীলৈ সুবিধা - দুলীয়াজান নুমলীগড় পাইপলাইন লিমিটেডে কর্মচাৰীৰ সুবিধাৰ্থে অসম গেছ কোম্পানী লিমিটেডৰ একেধৰণৰ দৰমহা নিৰ্ধাৰণ পদ্ধতিৰে নিজৰ কৰ্মচাৰীৰ দৰমহা পুনৰীক্ষণ গ) থলুৱা শিপিনীলৈ সহায়ৰ হাত - বিশেষভাৱে প্ৰস্তুত কৰা ‘স্বনিৰ্ভৰ নাৰ’ প'ৰ্টেল (swanirbharnaari.assam.gov.in)ৰ জৰিয়তে মধ্যভোগীক জড়িত নকৰাকৈ থলুৱা শিপিনীৰ পৰা পোনপটীয়াকৈ হস্ততাঁত সামগ্ৰী ক্ৰয়ত অনুমোদন - হস্ততাঁত বস্ত্রশিল্প সঞ্চালকৰ প্ৰশাসনিক নিয়ন্ত্ৰণত আৰ্টফেড আৰু অসম চৰকাৰৰ বিপণন নিগমৰ সহায়ত ইয়াক কাৰ্যকৰী কৰা হ’ব