Breadcrumb

Asset Publisher

Chief Minister of Assam

প্রিয় অসমবাসী ৰাইজ,

অসম হৈছে উত্তৰ-পূব ভাৰতৰ বন্যপ্ৰাণী, প্ৰত্নতাত্ত্বিক স্থান আৰু চাহ বাগিচাৰ বাবে জনাজাত এখন ৰাজ্য। ইয়াৰ পশ্চিমে অসমৰ সৰ্ববৃহৎ চহৰ গুৱাহাটীত ৰেচম সূতাৰ বজাৰ আৰু পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ আছে। ব্রহ্মপুত্রৰ বুকুত পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপত উমানন্দ মন্দিৰ অৱস্থিত। গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত আছে ৰাজ্যৰ ৰাজধানী দিশপুৰ। প্ৰতিখন আঁচনিৰ সুফল যাতে সমাজৰ প্রত্যেকজন ব্যক্তিয়ে লাভ কৰে, তাৰ বাবে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ‘অন্ত্যোদয় দৰ্শন’ কাৰ্যকৰী কৰিবলৈ আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তাৰ বাবে ৰাজ্য চৰকাৰে ‘সবকা সাথ, সবকা বিকাশ’ৰ মনোভাৱেৰে প্ৰতিজন ব্যক্তিৰ বিকাশ আৰু ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ সৰ্বাংগীন উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আমি স্বাস্থ্য সেৱাৰ উন্নতি, মহিলা সবলীকৰণ, দুৰ্বল শ্ৰেণীৰ কল্যাণ আৰু উত্থান নিশ্চিতকৰণ, আন্তঃগাঁথনি শক্তিশালী আৰু আধুনিকীকৰণ, বিদ্যুৎ যোগান বৃদ্ধি, দুৰ্নীতি নিৰ্মূল আৰু সুশাসন প্ৰতিষ্ঠা কৰাৰ বাবে কেইবাটাও ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিছোঁ। জনসাধাৰণৰ সেৱা কৰাটোৱেই আজিও আমাৰ চৰকাৰৰ প্রধান উদ্দেশ্য। এই লক্ষ্যত উপনীত হোৱাৰ স্বাৰ্থত ৰাজ্যৰ সকলো প্ৰান্তৰ সামগ্ৰিক উন্নয়ন সুনিশ্চিত কৰাৰ বাবে বিগত চাৰে চাৰি বছৰত ৰাজ্য চৰকাৰে কেইবাখনো কল্যাণমূলক আঁচনি ৰূপায়ণ কৰিছে। জনসাধাৰণৰ সৈতে থকা আস্থাৰ বান্ধোন কটকটীয়া আৰু অধিক গভীৰ কৰি গঢ়ি তোলাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। আগন্তুক সময়তো আমি আপোনাৰ আশা পূৰণৰ বাবে তথা আপোনাৰ আকাংক্ষানুসাৰে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিম।