Breadcrumb

State Profile

State Profile Map
বিষয়বস্তু বৰ্ণনা
অঞ্চল ৭৮,৪৩৮বৰ্গ কিঃমিঃ
জনসংখ্যা ,১১,৬৯,২৭২
ৰাজধানী দিছপুৰ
মুখ্য ভাষা অসমীয়া
মুঠ জিডিপি  

অসমৰ অৱলোকন:

অসম ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত অৱস্হিত আৰু জনসংখ্যা অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ ভিতৰত সকলোতকৈ ডাঙৰ ৰাজ্য য’ত মাটি-কালি অনুসৰি দ্বিতীয় স্হানত পৰিগনিত এখন ৰাজ্য। অসমখনে ৭৮,৪৩৮ বৰ্গ কি:মি: (৩০,২৮৫ বৰ্গ মাইল) অঞ্চল আৱৰি আছে। এই ৰাজ্যৰ উত্তৰ দিশে সিমান্তত ভূটান আৰু অৰুনাচল প্ৰদেশ ৰাজ্য; পূৱ দিশে নাগালেণ্ড আৰু মনিপুৰ; দক্ষিণ দিশত মেঘালয়, ত্ৰিপুৰা, মিজোৰাম আৰু বাংলাদেশ; আৰু পশ্চিম দিশত পশ্চিমবংগ অৱস্হিত। অসমৰ এটা গুৰুত্বপূৰ্ণ ভৌগোলিক দিশ হ’ল যে ই ভাৰতৰ প্ৰাকৃতিক ভুগোল সম্বন্ধীয় ছয়তা বিভাজনৰ ভিতৰত তিনিটাৰে সম্বলিত-উত্তৰীয় হিমালয় (প্ৰাচ্য পাহাৰ), উত্তৰীয় ভৈয়াম অঞ্চল (ব্ৰহ্মপুত্ৰ ভৈয়াম) আৰু ডেক্কান মালভূমি (কাৰ্বি আংলং)।

উচ্চ স্তৰীয় আৰ্দ্ৰতা আৰু ধাৰাসাৰ বৰষুণৰ সৈতে অসমৰ জলবায়ু সাধাৰণতে ‘ক্ৰান্তীয় মৌচুমী বৰ্ষাৰণ্য জলবায়ু’ ইয়াত বাস কৰা লোকসকলে গৰম গ্ৰীষ্মকাল আৰু মৃদু শীতকালৰ সৈতে গোটেই বছৰ জুৰি এক মধ্যমীয়া জলবায়ু উপভোগ কৰে বসন্ত (মাৰ্চ-এপ্ৰিল) আৰু শৰৎ (চেপ্তেম্বৰ-অক্টোবৰ) মধ্য বৰষুণ আৰু তাপমাত্রাৰে ভৰা দুটি মনোৰম কাল

২০১১ৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা .১২ কোটি সেয়েহে ২০১১ চনত ভাৰতে অসমৰ জনসংখ্যাৰ . শতাংশ অধিকাৰ কৰি লৈছে অসমৰ সৰ্বমুঠ জনসংখ্যা ৩১,২০৫,৫৭৬ যাৰ ভিতৰত ১৫,৯৩৯৪৪৩ গৰাকী পুৰুষ আৰু ১৫,২৬৬,১৩৩ গৰাকী মহিলা আছে