বাতৰি আৰু প্ৰবন্ধ
Breadcrumb
Asset Publisher
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত নির্বাচিত উদ্যোগীলৈ প্রথম কিস্তিৰ ধন
03 Oct, 2024
ৰাজ্যৰ যুৱ সমাজ স্বনিৰ্ভৰশীলৰূপে উদ্ভাসিত হোৱাত সহায়ৰ হাত আগবঢ়াই এখন আত্মনির্ভৰশীল অসম গঢ়ি তোলাৰ অভিলাষী লক্ষ্যৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ২৫,২৩৮গৰাকী নির্বাচিত উদ্যোগীলৈ প্রথম কিস্তিৰ ধন হিচাপে ৭৫ হাজাৰ টকাকৈ আগবঢ়ায়।
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত সাধাৰণ অৰ্হতাৰ এগৰাকী নির্বাচিত উদ্যোগীয়ে ৰাজ্য চৰকাৰৰ পৰা মুঠ ২ লাখ টকা লাভ কৰিব। ইয়াৰে ১ লাখ টকা ৰাজসাহয্য আৰু ১ লাখ টকা ঋণ হিচাপে উদ্যোগীগৰাকীলৈ আগবঢ়োৱা হ'ব। আনহাতে অভিযন্তা, এম বি বি এছ বা বি ডি এছ ডিগ্ৰীৰ দৰে বৃত্তিমূলক অর্হতাসম্পন্ন নির্বাচিত উদ্যোগীয়ে ৫ লাখ টকা লাভ কৰিব। ইয়াৰে ২.৫ লাখ টকা হৈছে ৰাজসাহায্য আৰু ২.৫ লাখ টকা হৈছে ঋণ। মুখ্যমন্ত্রীয়ে ২৫,০৬৪গৰাকী সাধাৰণ অৰ্হতাৰ আৰু ১৪৭গৰাকী বৃত্তিমূলক অৰ্হতাৰ প্রার্থীলৈ প্রথম কিস্তিৰ ধন আনুষ্ঠানিকভাৱে আগবঢ়ায়। ইয়াৰে ১,১৫৬গৰাকী কৃষি আৰু উদ্যান শস্য, ৫০২গৰাকী ফেব্রিকেশ্যন অথবা হার্ডৱেৰ ব্যৱসায়, ৩,৫২২গৰাকী মীন পালন, ৪,৮৫৫গৰাকী সেৱা আৰু অন্যান্য খণ্ড, ৩২৬গৰাকী পেকেজিং, ২১গৰাকী বাঁহ-ৰবৰ-অগৰু আদি গছ ৰোপণ, ১০,৩২১গৰাকী হাঁহ-কুকুৰাকে ধৰি অনান্য পশুপালন, ১,০১৫গৰাকী কাপোৰৰ সাজ, ৬৫৪গৰাকী বৃত্তিমূলক শিক্ষাৰে স্বনিয়োজন, ২,৫০৯গৰাকী কাগজ তথা অন্যান্য লেখন সামগ্রীৰ ব্যৱসায় আৰু ১৬৩গৰাকী কাঠভিত্তিক আচবাব উদ্যোগ স্থাপনেৰে স্বনিয়োজনৰ দিশত খোজ পেলোৱা উদ্যোগীক সহায় হোৱাকৈ এই ধনৰাশি আগবঢ়োৱা হৈছে।
সাধাৰণ অৰ্হতাৰ প্ৰাৰ্থীসকলে লাভ কৰা ২ লাখ টকাৰ ধনৰাশিৰ ১ লাখ টকাহে তিনি বছৰৰ পাছত পৰৱৰ্তী পাঁচ বছৰৰ ভিতৰত কম পৰিমাণৰ কিস্তিত ওভতাই দিব লাগিব। নির্বাচিত উদ্যোগীসকলে যাতে নিজৰ কর্মক্ষেত্রত সফল হ'ব পাৰে সেই উদ্দেশ্যে ৰাজ্য চৰকাৰে তেওঁলোকক জিলাভিত্তিক প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। প্ৰশিক্ষণৰ অন্তত এই উদ্যোগীসকলক চলিত বৰ্ষৰ নৱেম্বৰ মাহত দ্বিতীয় কিস্তি হিচাপে ২৫ হাজাৰ টকা প্রদান কৰা হ'ব। এই উদ্যোগীসকলক নিজ কর্মক্ষেত্রত সফল হোৱাৰ দিশত সহায়ক হোৱাকৈ পৰামৰ্শদাতা নিয়োগৰ ব্যৱস্থা কৰা হৈছে। উদ্যোগ বা ব্যৱসায়টোৰ অগ্রগতি অনুসৰি অন্তিম কিস্তি হিচাপে সাধাৰণ অৰ্হতাৰ উদ্যোগীগৰাকীক ১ লাখ টকা আৰু বৃত্তিমূলক অৰ্হতাৰ প্ৰাৰ্থীগৰাকীক ৪ লাখ টকা আগবঢ়োৱা হ'ব।
Assam's Leap Towards Decentralized Governance: Chief Minister's Secretariat, Dibrugarh
27 Sep, 2024
The Chief Minister's Secretariat in Dibrugarh is a significant development aimed at enhancing governance and promoting equal development across Assam. Established to facilitate administrative connectivity and efficient grievance redressal, this secretariat will serve a population of nearly 79 lakh( as per 2011 census) people in the 9 districts of Upper Assam.
The office was inaugurated by the Hon'ble Chief Minister of Assam, Dr. Himanta Biswa Sarma, on September 6, 2024, as part of a comprehensive initiative to decentralize governance. The state cabinet's decision to establish the secretariat in Dibrugarh seeks to enhance administrative accessibility for the Upper Assam region, encompassing the districts of Dibrugarh, Tinsukia, Lakhimpur, Dhemaji, Sivasagar, Charaideo, Majuli, Jorhat, and Golaghat.
Key objectives of the Chief Minister's Secretariat in Dibrugarh include: ● Enhanced Governance: Expedite decision-making and implementation of developmental projects. ● Improved Accessibility: Provide a local platform for citizens to submit petitions and grievances. ● Decentralization: Reduce the concentration of administrative power in Dispur, promoting regional development.
The indicative list of the functions of the Chief Minister's Secretariat, Dibrugarh are as follows: 1. District departmental review meetings: ● Periodic review meetings with the District Commissioners from the nine districts to discuss and evaluate various government projects and schemes, law and order, revenue management (including land and excise matters), disaster management, and administrative reforms, including the establishment of new sub-districts. ● Periodic review meetings with the Superintendents of Police from the nine districts to address law and order concerns, administrative matters, and issues related to inter-state borders. ● Review meetings with other departments involved in developmental projects and schemes. 2. Co-ordination with various agencies and organizations for the execution of developmental projects: ● State and Central PSUs located in the districts under reference. ● NFR-Tinsukia Division, Airport Authority of India - Dibrugarh and Lakhimpur, NHIDCL/NHAI, Telecom players etc. ● Industry & Commerce related organizations. ● Tea garden related organizations, associations, unions etc. 3. Engagement with the public and elected representatives to address local issues and facilitate grievance redressal. 4. Efficient management and resolution of public petitions and grievances. 5. Chief Minister's Relief Fund (CMRF)/Discretionary Fund for the systematic and orderly disbursement of funds to beneficiaries. By establishing this secretariat, the Assam government demonstrates its commitment to inclusive growth and citizen-centric governance.
CONTACT INFORMATION OF CMS, DIBRUGARH: Address: Chief Minister’s Secretariat, Dibrugarh, Assam. Pin: 786005. Landline: 03732322226 Email id: cmo-dibrugarh@assam.gov.in
মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান
25 Sep, 2024
অসমৰ মহিলা উদ্যোগীসকললৈ উদগনি আগবঢ়োৱাৰ উদ্দেশ্যে অসম চৰকাৰে গ্ৰহণ কৰিছে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান। এই অভিযানৰ অধীনত বছৰি ন্যূনতম ১লাখ টকা উপার্জনেৰে প্ৰতিগৰাকী মহিলাক গ্রাম্য ক্ষুদ্র উদ্যোগী হিচাপে প্রতিষ্ঠিত কৰাৰ লক্ষ্যৰে ৩৯ লাখ মহিলা আত্মসহায়ক গোটৰ সদস্যালৈ সহায়ৰ হাত আগবঢ়োৱাৰ পদক্ষেপ গ্ৰহণ কৰা হয়। এই আঁচনিৰ দ্বাৰা মহিলা আত্মসহায়ক গোটৰ যোগ্য সদস্যালৈ ১০,০০০ টকাৰ উদ্যমিতা পুঁজি বেংক একাউন্টযোগে পোনপটীয়াভাবে প্ৰদান কৰাৰ ব্যৱস্থা হাতত লোৱা হয়।
যোগ্যতাৰ চৰ্ত (বীজ মূলধন) ---- মহিলা আত্মসহায়ক গোটৰ সক্রিয় সদস্যা যিগৰাকী - • অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অধীনত পঞ্জীয়নভুক্ত • আধাৰ সংযুক্ত ছেভিংছ বেংক একাউন্টধাৰী • আত্মসহায়ক গোট, ফেডাৰেচন, বেংক আদিৰ পৰা পূর্বে গ্রহণ কৰা ঋণ পৰিশোধ কৰা মহিলা (এই ক্ষেত্রত ২০২১ চনৰ পূর্বে মাইক্ৰ' ফাইনেন্স প্রতিষ্ঠানৰ পৰা ঋণ লোৱাসকলক ডিফল্টাৰ বুলি গণ্য কৰা নহ'ব) • নিম্নতম এটা উপাৰ্জন সৃষ্টিকাৰী কার্যকলাপত নিজে জড়িত • নিজৰ উদ্যোগ সন্দর্ভত এক ব্যৱসায়িক পৰিকল্পনা থকা • বর্তমান তিনিটাতকৈ অধিক সন্তান নথকা মহিলা (সাধাৰণ/অন্যান্য পিছপৰা শ্রেণীৰ ক্ষেত্রত) • বর্তমান চাৰিটাতকৈ অধিক সন্তান নথকা মহিলা (অনুসূচিত জনজাতি/অনুসূচিত জাতি/মৰাণ/ মটক/চাহ জনজাতিৰ ক্ষেত্ৰত) • বিদ্যালয়ত অধ্যয়নৰত কন্যা সন্তানৰ মাতৃ • অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা বর্তমান জীৱিত আৰু বর্ধিত গছপুলিটোৰ অধিকাৰী
ছাত্ৰী সবলীকৰণৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি
24 Sep, 2024
সবল আৰু সমৃদ্ধিশালী এখন সমাজ গঢ়াত নাৰীসকলৰ উচ্চ শিক্ষাৰ দিশটো অতি গুৰুত্বপূৰ্ণ। সেয়ে উচ্চ শিক্ষাত কন্যা শিক্ষাৰ্থীসকলৰ নামভৰ্তি বৃদ্ধি কৰা, বিত্তীয় উদগনি প্ৰদানেৰে ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ বাট অধিক মসৃণ কৰি তোলা তথা ৰাজ্যত বাল্য বিবাহ ৰোধৰ মহৎ উদ্দেশ্য সন্মুখত লৈ ৮ আগষ্ট ২০২৪ তাৰিখে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিখনৰ শুভাৰম্ভ কৰা হয়।
এই আঁচনিৰ দ্বাৰা অসম চৰকাৰে আগন্তুক তিনিটা বৰ্ষত ৰাজ্যৰ ১০ লাখ ছাত্ৰীক সামৰি লোৱাৰ লক্ষ্য গ্ৰহণ কৰিছে। এই আঁচনিখনৰ অধীনত ব্যক্তিগত শিক্ষানুষ্ঠানৰ বাহিৰে সকলো চৰকাৰী আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ উচ্চতৰ মাধ্যমিক, স্নাতক(বি এ, বি এছ চি, বি কম) আৰু স্নাতকোত্তৰ (এম এ, এম এচ চি, এম কম, বি এড)ৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা যোগ্য ছাত্ৰীসকলক সৰ্বাধিক ১০ মাহৰ বাবে পাঠ্যক্ৰম অনুসৰি যথাক্ৰমে ১০০০, ১২৫০ আৰু ২৫০০ টকাকৈ প্ৰদান কৰা হ'ব।
আৰ্থিক অৱস্থা নিৰ্বিশেষে অসমত বাস কৰা সকলো কন্যা শিক্ষাৰ্থীকে সামৰি লোৱা আঁচনিখনৰ সুবিধা অৱশ্যে বিবাহিতা ছাত্ৰী (স্নাতকোত্তৰ আৰু বি এড শিক্ষাৰ্থীক বাহিৰে), চাকৰিয়াল বি এড শিক্ষাৰ্থী, মন্ত্ৰী, বিধায়ক বা সাংসদৰ কন্যা আৰু বাণীকান্ত কাকতি বঁটা (প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত) স্কুটাৰ লাভ কৰা ছাত্ৰীসকলৰ বাবে উপলব্ধ নহ'ব। বাণীকান্ত কাকতি বঁটা পৰিহাৰ কৰা ছাত্ৰীয়ে এই আঁচনিখনৰ সুবিধা লাভ কৰিব পাৰিব।
কন্যা শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষাত উৎসাহ প্ৰদানেৰে তেওঁলোকৰ পছন্দ নিৰ্বাচনৰ স্বাধীনতা আৰু আৰ্থিক স্বাধীনতাৰ দ্বাৰা শক্তিশালী কৰি তোলাৰ প্ৰয়াসৰ নামান্তৰ এই আঁচনিখনৰ দ্বাৰা চৰকাৰে বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি ৰোধ কৰাৰ লগতে বিবাহৰ সময়ত এগৰাকী কন্যাৰ শাৰীৰিক, মানসিক আৰু আৱেগিক পৰিপক্বতাৰ জৰুৰী দিশটোকো গুৰুত্ব প্ৰদান কৰিছে। আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে কিশোৰী অৱস্থাৰ মাতৃত্ব হ্ৰাস কৰি শিশু আৰু মাতৃৰ স্বাস্থ্য, শিক্ষা আৰু সুৰক্ষাৰ অধিকাৰ সুনিশ্চিতকৰণৰ ব্যাপক পৰিসৰ সামৰি লোৱা এই অভিলাষী আঁচনিখন নিশ্চয় সমাজৰ সৰ্বাংগীণ হিতৰ পক্ষে এক যুগান্তকাৰী পদক্ষেপ হিচাপে পৰিগণিত হ'ব।
অৰুণোদয় ৩.০ৰ শুভাৰম্ভণি
23 Sep, 2024
অসম চৰকাৰৰ বিত্ত বিভাগৰ অধীনত অসমৰ সৰ্ববৃহৎ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ যোগেদি জীৱনৰ ৰূপান্তৰৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰি আহিছে অগ্ৰণী পদক্ষেপ। এই পদক্ষেপৰ জৰিয়তে অসম চৰকাৰে শেহতীয়াকৈ অৰুণোদয় ৩.০ আঁচনিখনৰ শুভাৰম্ভণি কৰে। ইতিমধ্যে অৰুণোদয় আঁচনিৰ অধীনত মাহিলি ১,২৫০ টকাকৈ প্ৰদান কৰি অসম চৰকাৰে মহিলা সবলীকৰণেৰে জীৱনৰ মান উন্নীতকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে। শেহতীয়াকৈ ঘোষণা কৰা অৰুণোদয় ৩.০ আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ ৩৭.২ লাখ নতুন হিতাধিকাৰীক সাঙুৰি লোৱা হ’ব।
আঁচনিখনৰ সুবিধা গ্ৰহণ কৰিবলৈ কেইটামান গুৰুত্বপূৰ্ণ দিশ - • আধাৰ-সংযুক্ত বৈধ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক • অসমত বসবাস কৰি থকা স্থায়ী বাসিন্দাসকলৰ ক্ষেত্ৰত এই আঁচনি প্ৰযোজ্য • ১৮ বছৰ বয়সৰ ঊৰ্দ্ধৰ যোগ্য মহিলা আৰু দিব্যাংগজনক হিতাধিকাৰী হিচাপে মনোনয়নৰ সুবিধা • অৰুণোদয় ৩.০ৰ সুবিধা গ্ৰহণ কৰিবলৈ বৰ্তমানৰ হিতাধিকাৰীসকলকে ধৰি সকলো যোগ্য মহিলাই নতুনকৈ আবেদন কৰিব লাগিব
কোনে আবেদন কৰিব পাৰিব? • বিধৱা, অবিবাহিতা(৪৫ বছৰ বয়সৰ ঊৰ্দ্ধৰ), বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলা • তৃতীয় লিংগ • লিংগ নিৰ্বিশেষে দিব্যাংগ ব্যক্তি(দিব্যাংগ ব্যক্তিৰ অধিকাৰ আইন, ২০১৬ অনুসৰি) • চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা তথা বৃদ্ধা/ৰুগীয়া মহিলা • পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী বৃদ্ধ(৬০ বছৰ বয়সৰ ঊৰ্দ্ধৰ)অথবা দিব্যাংগ হ’লে, তেনে ঘৰৰ মহিলা • এইচ আই ভি/থেলাচেমিয়া/হিম’ফিলিয়া/চেৰিব্ৰেল পালচি/কুষ্ঠ/অটিজম স্পেকট্ৰাম বিকাৰত আক্ৰান্ত ৰোগী থকা পৰিয়ালৰ মহিলা • আশ্ৰয়হীন পৰিয়ালৰ মহিলা • ভীক্ষাৰে জীৱননিৰ্বাহ কৰা মহিলা • অন্ত্যোদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰী • মুঠ বাৰ্ষিক উপাৰ্জন ২ লাখ টকাতকৈ কম হোৱা পৰিয়ালৰ মহিলা
কোনে আবেদন কৰিব নোৱাৰিব? • সাংসদ, বিধায়ক, মুখ্য কার্যবাহী সদস্য, কার্যবাহী সদস্য, প্রাক্তন সাংসদ, প্রাক্তন বিধায়ক, প্রাক্তন মুখ্য কার্যবাহী সদস্য, প্রাক্তন কার্যবাহী সদস্যৰ পৰিয়াল • পঞ্চায়তীৰাজ প্রতিষ্ঠান, নগৰীয়া স্থানীয় সংস্থা আৰু স্বায়ত্তশাসিত পৰিষদ/ষষ্ঠ অনুসূচীৰ অন্তর্গত গ্ৰাম্য পৰিষদ উন্নয়ন সমিতি(ভি চি ডি চি)ৰ বৰ্তমানৰ সদস্যৰ পৰিয়াল • চিকিৎসক, অভিযন্তা, স্থাপত্যবিদ, চাৰ্টাৰ্ড একাউণ্টেণ্ট, বেংক বিষয়া, উকীলৰ পৰিয়াল • বিশ্ববিদ্যালয়, মহাবিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চ প্ৰাথমিক আৰু নিম্ন প্রাথমিক বিদ্যালয়ৰ শিক্ষকৰ পৰিয়াল(ঠিকাভিত্তিক/অস্থায়ী শিক্ষকক সামৰি) • অংগনৱাড়ী কৰ্মী, মধ্যাহ্ন ভোজন কৰ্মী, আশাকৰ্মী, আশা তত্ত্বাৱধায়ক তথা গাঁও প্ৰধানকে ধৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী, পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াল • আয়কৰ পৰিশোধ কৰা চৰকাৰী ঠিকাদাৰ আৰু যোগনিয়াৰ, ৰিয়েল ইষ্টেড বিল্ডাৰ, উদ্যোগপতি, ব্যৱসায়ৰ অনুজ্ঞা-পত্ৰপ্ৰাপ্ত ব্যক্তিৰ পৰিয়াল • আয়কৰ পৰিশোধ কৰা ব্যৱসায়ী/উদ্যোগী, দোকানী, বেপাৰীৰ পৰিয়াল • ভূমিৰ অধিকাৰী(ক্ষুদ্র আৰু উপান্ত শ্রেণীৰ বাহিৰে)পৰিয়াল • চাৰিচকীয়া মটৰ বাহন থকা মহিলা • অৰুণোদয় প্লাছ অথবা তেনে ধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় ৩.০ৰ ধনৰাশিৰ সমপৰিমাণৰ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা পৰিয়াল • ‘ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইন, ২০১৩’ৰ অধীনত অসম খাদ্য সুৰক্ষা বিধিৰ দ্বাৰা নির্ধাৰিত আয়তকৈ অধিক আয় থকা পৰিয়াল
‘প্রজ্ঞান ভাৰতী আঁচনি’ৰ প্রথম পর্যায়ৰ ধন বিতৰণ
21 Sep, 2024
‘প্রজ্ঞান ভাৰতী আঁচনি’ হৈছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ এক অভিলাষী পদক্ষেপ। এই আঁচনিৰ অধীনত চাৰি বছৰীয়া স্নাতক পাঠ্যক্রমত নামভর্তি কৰিব খোজা ছাত্র-ছাত্রীৰ নামভর্তি বিনামূলীয়াকৈ কৰাৰ সুবিধা প্রদান কৰা হৈছে। ইতিমধ্যে, অসম চৰকাৰে ২০২৪-২৫ শিক্ষাবর্ষৰ বাবে এনে নামভর্তিৰ বিপৰীতে প্রথম পর্যায়ত ৬৮.৪৪ কোটি টকা মহাবিদ্যালয়/বিশ্ববিদ্যালয় কর্তৃপক্ষক আদায় দিছে। এই আঁচনিৰ দ্বাৰা ৩৪৯খন শিক্ষানুষ্ঠানৰ ৯৪,৮৩৮গৰাকী ছাত্র-ছাত্রীক সামৰি লোৱা হৈছে।