প্ৰকল্প
Breadcrumb
Asset Publisher

সদ্ভাৱনা প্ৰকল্প
সদ্ভাৱনা প্ৰকল্প হৈছে পুৰণি ফাইলসমূহৰ ক্ষিপ্ৰ নিষ্পত্তিৰ দিশত অসম চৰকাৰৰ এক অভিলাষী পদক্ষেপ। ১০মে', ২০২১ ৰ পূৰ্বৰ আধৰুৱা হৈ থকা সচিবালয়ৰ ফাইলসমূহ দ্ৰুত গতিত সমাধা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। চৰকাৰৰ লোকসেৱা অধিকাৰ প’ৰ্টেল rtps.assam.gov.in অথবা সদ্ভাৱনা প’ৰ্টেল Sadbhavana.assam.gov.in ৰ জৰিয়তে নিষ্পত্তি নোহোৱাকৈ থকা ফাইলসমূহৰ নিষ্পত্তি ২০২২ চনৰ ১৪ আগষ্টৰ ভিতৰত সম্পন্ন কৰা হৈছে।
এই প্ৰকল্পই সচিবালয়লৈ বিভিন্ন আধৰুৱা কাম সমাধা কৰিবলৈ অহা ৰাইজক বিশেষ সকাহ প্ৰদান কৰিব আৰু অসম সচিবালয়ক এখন স্বচ্ছ আৰু নিকা কাৰ্যালয় তথা পৰিসৰ হিচাপে গঢ দিয়াৰ বিষয়তো গুৰুত্ব দিয়া হ’ব।

মিছন ভূমিপূত্ৰ
মিছন ভূমিপুত্ৰ' এক অভিযান ভিত্তিক আঁচনি-- যাৰ জৰিয়তে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ আবেদনকাৰীসকলক সৰলীকৃত পদ্ধতিৰে জাতিৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব। নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ অধ্যয়নৰত যোগ্য ছাত্ৰ-ছাত্ৰীসকলক জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে অনলাইন ব্যৱস্থাযোগে সম্পাদন কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে প্ৰস্তুত কৰা bhumiputra.assam.gov.in ৱেবছাইটত আবেদনকাৰী ছাত্ৰ-ছাত্ৰীসকলক ডিজিটেল মাধ্যমেৰে চহী কৰা জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰ অধীনত উপায়ুক্তসকলে বিদ্যালয়ৰ মুৰব্বীৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ আবেদন সংগ্ৰহ কৰি এই ৱেব প’ৰ্টেলৰ মাধ্যমেৰে সেইসমূহ প্ৰ'চেছ কৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ জাতিৰ চিনাক্তকৰণ বা অনুমোদনৰ ক্ষেত্ৰত বিভিন্ন জাতি-জনগোষ্ঠীৰ যিসমূহ সংস্থা আছে সেইসমূহে উপায়ুক্তগৰাকীক সহায় কৰিব।

মিছন বসুন্ধৰা
মোৰ মাটি মোৰ অধিকাৰ
ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সেৱাসমূহ জনসাধাৰণৰ বাবে সহজলভ্য কৰাৰ এক অভিলাষী অভিযান হৈছে " মিছন বসুন্ধৰা"।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মুখ্যত: ভূমিজনিত কামৰ নিষ্পত্তিৰে অসমৰ লাখ লাখ দৰিদ্ৰ আৰু খিলঞ্জীয়া লোকক লাভান্বিত কৰাৰ দিশত এই আঁচনিয়ে গ্ৰহণ কৰিব গুৰুত্বপূৰ্ণ ভূমিকা। ভূমি নথি উন্নীতকৰণৰ বাবে ক্ষিপ্ৰ সেৱাসমূহ হ'ল- •উত্তৰাধিকাৰী সূত্ৰে নামজাৰি • দলিল সূত্ৰে নামজাৰি • বিবাদমুক্ত বাটোৱাৰা • একচনীয়া পট্টাৰ ম্যাদীকৰণ • মাটিৰ শ্ৰেণী পৰিৱৰ্তন • ৰাজহ নথিৰপৰা দখল/ স্বত্ববিহীন পট্টাদাৰৰ নামকৰ্তন • আৱণ্টিত মাটিৰ ম্যাদীকৰণ • ভূমি নথিৰ সংশোধনী ( নাম আৰু মাটিকালিৰ সংশোধন) • ভূমিনথিত পট্টাদাৰৰ মবাইল নম্বৰ অন্তৰ্ভুক্তকৰণ
এই মিছনৰ তিনিটা মূল উপাদান হ'ল i) ভূমিৰেকৰ্ডবোৰ মিছন প্ৰণালীত বিশুদ্ধকৰণ ii) এতিয়াও ৬৭২ খন অনা-জৰীপ গাঁৱৰ জৰীপ ব্যৱস্থা iii) হাইব্ৰিড পদ্ধতি ব্যৱহাৰ কৰি ২৭খন জিলাৰ ১৮,৭৮৯ খন জৰীপকৃত গাঁৱৰ পুন:জৰীপ