কেবিনেটৰ সিদ্ধান্ত
Breadcrumb
Asset Publisher
অসম চৰকাৰৰ কেবিনেট বৈঠক, ২০ আগষ্ট, ২০২১ (২)
১) পৰিৱেশ সুৰক্ষাৰ বিশ্বজোৰা অভিযানৰ অংশ
» পৰিৱেশ সুৰক্ষাৰ দিশত গুৰুত্ব প্ৰদান কৰি গুৱাহাটী মহানগৰীৰ পৰিবহণ ব্যৱস্থাৰ উন্নীতকৰণ। ইয়াৰ অংশ হিচাপে বৰ্তমানৰ পৰিবহণ ব্যৱস্থাক ইলেকট্রিক মাধ্যমলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। এই উদ্দেশ্যে ২০০খন ইলেকট্রিক আৰু ১০০খন চি এন জি বাছ ক্ৰয় কৰা হ'ব।
২) ক’ভিডকালীন সাহায্য
» আন্তঃজিলা বাছ চালক তথা হেণ্ডিমেনসকলৰ প্ৰতিগৰাকীক ১০,০০০ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ’ব। এই ক্ষেত্ৰত অনলাইন আৱেদনৰ বাবে শীঘ্ৰেই মুকলি কৰা হ’ব ৱেব প'ৰ্টেল।
» নামঘৰীয়া আৰু মন্দিৰৰ পূজাৰীলৈ ১৫,০০০ টকাৰ ক’ভিডকালীন আর্থিক সহায়ৰ হাত।
৩) ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণ » ২০২২ চনৰ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমত ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰৱৰ্তনৰ ব্যৱস্থা। এই শিক্ষা নীতিৰ অধীনত অসমৰ উচ্চ মাধ্যমিক বিদ্যালয়সমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ হ’ব আৰু কনিষ্ঠ মহাবিদ্যালয়সমূহত নৱম আৰু দশম শ্রেণী অন্তৰ্ভুক্ত কৰা হ’ব।