আঁচনি
Breadcrumb
Asset Publisher
অসম আৰোগ্য নিধি
অসম চৰকাৰৰ এক কল্যাণকামী আঁচনি হৈছে 'অসম আৰোগ্য নিধি'। দুৰ্ঘটনাকে ধৰি গুৰুতৰ ৰোগত আক্ৰান্ত হোৱা দাৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ লগতে যিসমূহ পৰিয়ালৰ মাহিলি আয় ১০,০০০ টকাতকৈ কম, তেওঁলোকক উন্নত চিকিৎসা প্ৰদানৰ উদ্দেশ্যে বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে। এই আঁচনিৰ অধীনত হিতাধিকাৰীসকলক ১,৫০,০০০ টকালৈকে বিত্তীয় সাহায্য প্ৰদান কৰা হয়।
হিতাধিকাৰীসকলক নিৰ্বাচিত কৰা হয় অসম চৰকাৰৰ দ্বাৰা মনোনীত এখন কমিটীৰ দ্বাৰা। তদুপৰি ৰাজ্য চৰকাৰৰ দ্বাৰা আগবঢ়োৱা বৰঙণিৰ ৫০% বৰঙণি কেন্দ্ৰীয় চৰকাৰে যোগান ধৰে।এই আঁচনিৰ অধীনত জীৱনৰ প্ৰতি ভাবুকি থকা ৰোগ, প্ৰাকৃতিক বা মানুহৰ দ্বাৰা সৃষ্ট বিপৰ্যয়, যেনে- উদ্যোগ/ফাৰ্ম/পথ অথবা ৰেল দুৰ্ঘটনা, বোমা বিস্ফোৰণ ইত্যাদি, জীৱনৰ প্ৰতি ভাবুকি থকা ৰোগ- কৰ্কট ৰোগ, বৃক্কৰোগ, অস্থিৰোগ, হৃদৰোগ, এইডছ, অস্থি মজ্জা সংৰোপণ, মানসিক ৰোগ, শল্য চিকিৎসা, থেলাচেমিয়া আদিত আক্ৰান্তসকলৰ চিকিৎসা সামৰি লোৱা হৈছে।