Breadcrumb

Asset Publisher

null Nagaon visit: January 15-16, 2022

নগাঁও ভ্ৰমণ: জানুৱাৰী ১৫-১৬, ২০২২ নগাঁও ভ্ৰমণ: জানুৱাৰী ১৫-১৬, ২০২২
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০২২ চনৰ ১৫-১৬ জানুৱাৰীত দুদিনীয়া নগাঁও জিলা ভ্ৰমণসূচীৰ অংশ হিচাপে নগাঁও পৌৰসভাই নিৰ্মাণ কৰা অমৃত কানন উদ্যান উদ্বোধন কৰে। ইয়াৰ লগতে NABARD-RIDF-XXIV আৰু 'মহাবীৰ লাচিত চিলাৰায় সেতু নিৰ্মাণ অভিযান'ৰ অধীনত নগাঁও আৱৰ্ত ভৱনৰ সমীপৰ নৱনিৰ্মিত দলংখন উদ্বোধন কৰে।কলং নৈৰ ওপৰত নিৰ্মাণ কৰা ১১৮.৮৪ মিটাৰ দৈৰ্ঘ্যৰ এই দলংখনে যান-জঁটৰ সমস্যা হ্ৰাস কৰাৰ লগতে নগাঁৱৰ যাতায়াত ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তদুপৰি তেওঁ ১০৯সংখ্যক সদৌ নগাঁও ভোগালী বিহু উৎসৱত অংশগ্ৰহণ কৰাৰ উপৰি নগাঁও মহাবিদ্যালয় পৰিদৰ্শন কৰে। নগাঁৱৰ পুৰণিগুদামৰ শ্ৰীশ্ৰীমহা মৃত্যুঞ্জয় মন্দিৰ পৰিদৰ্শন কৰাৰ উপৰিও গোমোঠাগাঁও আৰু মহা মৃত্যুঞ্জয় মন্দিৰভাগক ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰা পথটোৰ নিৰ্মাণকাৰ্য উদ্বোধন কৰে।