১৫ মে’ ২০২১, ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তিনিচুকীয়াৰ গ্ৰেনেড বিষ্ফোৰণ এলেকা দৰ্শন - ১৫ মে’ ২০২১, ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তিনিচুকীয়াৰ গ্ৰেনেড বিষ্ফোৰণ এলেকা দৰ্শন
Breadcrumb
Asset Publisher
১৫ মে’ ২০২১, ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তিনিচুকীয়াৰ গ্ৰেনেড বিষ্ফোৰণ এলেকা দৰ্শন
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক’ভিড ৰোগীসকলৰ শুশ্ৰূষাৰ বাবে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় সমূহত জ্যেষ্ঠ চিকিৎসক সকলক নিশাৰ ভাগত উপলব্ধ কৰাবৰ বাবে স্বাস্থ্য বিভাগকে সদৰি কৰিছে, কাৰণ ৰাজ্যত নতুনকৈ ভৰ্তি হোৱা ৰোগীসকলৰ নিশাৰ ভাগত মৃত্যুৰ হাৰ বৃদ্ধি হৈছে।অসমৰ চিকিৎসালয় সমূহত জ্যেষ্ঠ চিকিৎসক সকল নিশাৰ ভাগত উপলব্ধ নথকাটো দৈৰ্ঘ্যদিনীৰ পৰা ৰৈ থকা এটা বিষয় । শৰ্মা ডাঙৰীয়াই বাস্তব ছবি নীৰিক্ষণ কৰিবলৈ ৰাতিপুৱা প্ৰায় ৩ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বাকৰিত হঠাৎ উপস্থিত হয়।
আমাৰ সমীক্ষা অনুসৰি, নিশাৰ ভাগত ৰোগীসকলৰ মৃত্যুৰ হাৰ বেছি হোৱা পৰিলক্ষিত হৈছে। কিছুমান ৰোগী ( ক’ভিড আক্রান্ত) ৰ ভৰ্তি হোৱাৰ দুইৰ পৰা তিনি ঘন্টাৰ ভিতৰত মৃত্যু হয়।ইয়াৰ এক মুখ্য কাৰণ হ'ব পাৰে, “জ্যেষ্ঠ চিকিৎসক সকলৰ নিশাৰ ভাগত অনুপস্থিতি য'ত কিজানি কণিষ্ঠ চিকিৎসক সকল দ্বায়িত্বত থাকে,” পৰিদৰ্শনৰ পিছত শৰ্মা ডাঙৰীয়াই সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰিছে। জ্যেষ্ঠ চিকিৎসক সকলক নিশাৰ ভাগত চিকিৎসা মহাবিদ্যালয়ত উপলব্ধ কৰা পদক্ষেপটোক ‘অসুবিধাজনক ঘন্টা’ পদ্ধতি হিচাপে তেখেতে নামকৰণ কৰিছে। শৰ্মা ডাঙৰীয়াই কৈছে যে,গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰিৱৰ্তন সমূহ ইতিমধ্যে ফলপ্রসূ কৰা হৈছে আৰু অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ত জ্যেষ্ঠ চিকিৎসক সকলৰ নিশাৰ ভাগত উপলব্ধতা বাধ্যতামূলক কৰিছে। “এজন ৰোগীয়ে দিন আৰু নিশা দুয়োটা সময়ত সমান শুশ্ৰূষা পাব লাগে”, শৰ্মা ডাঙৰীয়াই যুক্ত কৰিছিল, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত থকা চিকিৎসালয়ৰ ৱাৰ্ডসমূহত চিকিৎসক সকলৰ উপলব্ধতা আৰু ক’ভিড ৰোগী সকলৰ অসুবিধাজনক পৰিস্থিতিৰ নিৰীক্ষণ কৰিবলৈ ৱাৰ্ডসমূহ চিচিটিভিৰ নিৰীক্ষণ এলেকাৰ ভিতৰত থাকিব।