১৭ মে’, ২০২১,ক’ভিড ৰোগীসকলক সহায় কৰিবলৈ জ্যেষ্ঠ চিকিৎসক সকলক নিশা কৰ্মত ৰখা হৈছে - ১৭ মে’, ২০২১,ক’ভিড ৰোগীসকলক সহায় কৰিবলৈ জ্যেষ্ঠ চিকিৎসক সকলক নিশা কৰ্মত ৰখা হৈছে
Breadcrumb
Asset Publisher
১৭ মে’, ২০২১,ক’ভিড ৰোগীসকলক সহায় কৰিবলৈ জ্যেষ্ঠ চিকিৎসক সকলক নিশা কৰ্মত ৰখা হৈছে
অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহা বৃহস্পতিবাৰে জিলাখনত প্ৰচলিত ক'ভিড-১৯ পৰিস্থিতিৰ বুজ ল'বলৈ মাজুলী দৰ্শন কৰিব। শৰ্মা ডাঙৰীয়াই বুধবাৰে বিভিন্ন জিলা সমূহৰ ক'ভিড-১৯ পৰিস্থিতিৰ তত্ত্বাবধান কৰিবলৈ আৰু প্ৰয়োজন অনুসৰি জিলা প্ৰশাসনৰ প্ৰতি মাৰ্গ দৰ্শন নিশ্চিত কৰিবলৈ তেওঁৰ কেবিনেটৰ মন্ত্রী সকলক বিভিন্ন জিলাসমূহৰ দ্বায়িত্ব অৰ্পণ কৰিছে।মঙ্গলবাৰে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়াৰ সভাপতিত্বত আহ্বান কৰা কেবিনেট সভাত বিভিন্ন জিলা সমূহত বৰ্তমান পৰিস্থিতিৰ এক সমীক্ষাত্মক অধ্যয়ন কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
ক’ভিড-১৯ ৰ ফলত হোৱা ঘটনা সমূহৰ সংখ্যা আৰু ক’ভিড ভাইৰাচ নিয়ন্ত্রণ সম্পর্কীয় সাৱধানতা সমূহ সকলোবোৰ জিলাত অৱলম্বন কৰিছে নে নাই তাক মন্ত্রী সকলে নিজৰ নিজৰ জিলাসমূহত তত্ত্বাবধান কৰিব। প্ৰচলিত আৰু প্ৰত্যাশা কৰা ক’ভিড-১৯ৰ ঘটনা সমূহ ঢুকি পাবলৈ চিকিৎসা সেৱাৰ সুবিধা সমূহ উপলব্ধ কৰাৰ বাবে তেখেতে সকলক নিৰ্দেশ দিয়া হৈছে। মন্ত্ৰীসকলেস্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু আন আন বিভাগ সমূহৰ লগত সমন্বয় ৰক্ষা কৰি জিলা প্ৰশাসনক মাৰ্গদৰ্শন আৰু সহযোগিতা আগবঢ়াব । উল্লেখ্যযোগ্য যে, অসমত নতুনকৈ ৫,৬৫৭ টা ক’ভিড-১৯ ঘটনা ৰেকৰ্ড কৰা হৈছে য'ত বুধবাৰে ৭২ গৰাকী ৰোগী এই ভাইৰাছৰ চিকাৰ হৈছে। ক’ভিড-১৯ৰ ঘটনা সমূহৰ এই বৰ্ধিত ৰূপলৈ লক্ষ্য কৰি, ৰাজ্য চৰকাৰে, ৰাজ্যত ক’ভিড-১৯ ভাইৰাছৰ বিয়পাৰ প্ৰতিৰোধক হিচাপে কিছুমান নতুন সাৱধানতাৰ ধাৰা ১৩ মে’ তাৰিখৰ পৰা অৱলম্বন কৰিবলৈ বলবৎ কৰিব।