Breadcrumb

About CM

ড° হিমন্ত বিশ্ব শৰ্মা

 

২০২১ চনৰ ১০ মে'ত অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ড° হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাত জালুকবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰে। একেটা সমষ্টিৰপৰাই তেখেতে ২০০৬ আৰু ২০১১ চনত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ লগতে ২০১৬ আৰু ২০২১ চনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত হয়৷

১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰীত অসমৰ যোৰহাট জিলাত প্ৰয়াত কৈলাস নাথ শৰ্মা আৰু শ্ৰীযুতা মৃণালিনী দেৱীৰ ঔৰসত ড° হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হয়৷ তেখেতে গুৱাহাটীস্থিত কামৰূপ একাডেমীৰ পৰা ১৯৮৫ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়৷ ১৯৯০ আৰু ১৯৯২ চনত গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ পৰা তেখেতে ক্ৰমে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষা সম্পন্ন কৰে৷ চৰকাৰী আইন মহাবিদ্যালয় গুৱাহাটীৰ পৰা তেখেতে আইনৰ স্নাতক ডিগ্ৰী (এল এল বি) আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে৷

২০০১ চনৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহা ড° শৰ্মাই বিগত বৰ্ষসমূহত ৰাজ্যিক আৰু কেবিনেট পৰ্যায়ত বহুতো দপ্তৰ, যেনে- কৃষি বিভাগৰ ৰাজ্যিক মন্ত্ৰী, পৰিকল্পনা আৰু উন্নয়ন বিভাগ, বিত্ত, স্বাস্থ্য, শিক্ষাৰ লগতে অসম চুক্তি ৰূপায়ণ বিভাগতো দক্ষতাৰে দায়িত্ব পালন কৰিছে।