কেবিনেটৰ সিদ্ধান্ত
Breadcrumb
Asset Publisher
অসম চৰকাৰৰ কেবিনেট বৈঠক ২৫ জুন ২০২২ (৪)
ক) পুৰণি বাহনত সেউজ কৰ (Green Tax) - অসম মটৰ গাড়ী কৰ (সংশোধনী) আইন, ২০২২ত পুৰণি বাহনৰ ওপৰত ‘সেউজ কৰ' অন্তৰ্ভুক্ত কৰি সেউজ গৃহ গেছৰ নিৰ্গমন হ্রাস আৰু বৰ্তমানৰ কৰ ব্যৱস্থা সুশৃংখলিত কৰাত অনুমোদন বৈশিষ্ট্যসমূহ - দুটা শ্লেবত থকা ব্যক্তিগত ও চকীয়া বাহনৰ বাবে বৰ্তমানৰ কৰ হাৰৰ পৰা ১% কৰ হ্ৰাস কৰি বৰ্তমানৰ শ্লেষ ব্যৱস্থা সলনি কৰি এককালীন কৰ (OTT)
অসম চৰকাৰৰ কেবিনেট বৈঠক, ২৫ জুন ২০২২ (৩)
ক) অনলাইনযোগে শিক্ষকৰ বদলি * শিক্ষক বদলি প্রক্রিয়াক সৰল কৰাৰ বাবে অসম প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষক (পোষ্ট আৰু বদলিৰ নিয়মাৱলী) নিয়ম, ২০২২ত অনুমোদন *ইয়াৰ জৰিয়তে প্ৰাথমিক, মাধ্যমিক, সর্বশিক্ষা অভিযানৰ শিক্ষকৰ লগতে চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষকসকলকো ট্রেঞ্চফাৰ প'ৰ্টেলৰ জৰিয়তে অনলাইন মোডত অন্তঃজিলা, আন্তঃজিলা আৰু পাৰস্পৰিক বদলিৰ সুবিধা প্ৰদান কৰা হ'ব
অসম চৰকাৰৰ কেবিনেট বৈঠক, ২৫ জুন ২০২২ (২)
ক) মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন ফ্লেগশ্বিপ কাৰ্যসূচী • ১৩-১৮ বছৰ বয়সৰ প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীক পথ প্ৰদৰ্শনৰ পদক্ষেপ হিচাপে ২০২২-২৩ বৰ্ষৰ পৰা নৱম-দ্বাদশ শ্ৰেণীৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে ৫.৯৬ কোটি টকা আবণ্টিত বাজেটেৰে আৰম্ভ হ'ব ফ্লেগশ্বিপ কাৰ্যসূচী ‘আৰোহণ' • আৰোহণে চৰকাৰী বিদ্যালয়ৰ মাধ্যমিক শ্ৰেণীৰ ৪,৩৭৫গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি ল'ব • ৪,৩৭৫খন চৰকাৰী/প্রাদেশীকৃত বিদ্যালয়, আদর্শ বিদ্যালয় আৰু কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক নির্বাচিত কৰি ১৫ আগষ্ট ২০২২ত আৰম্ভ কৰাৰ প্ৰস্তাৱ • ছাত্ৰ আৰু ছাত্ৰীক ৫০ঃ৫০ত এই কাৰ্যসূচীৰ বাবে নিৰ্বাচন কৰা হ’ব • প্ৰতিগৰাকী মেণ্টৰে ৫জনলৈকে শিক্ষাৰ্থীৰ দায়িত্ব গ্রহণ কৰিব পাৰিব
অসম চৰকাৰৰ কেবিনেট বৈঠক, ২৫ জুন ২০২২ (১)
ক) ৰে'ল নেটৱৰ্কৰ বিকাশৰ বাবে যৌথ উদ্যোগ • কোম্পানী আইন, ২০১৩ৰ অধীনত অসম চৰকাৰ আৰু ৰেল মন্ত্ৰালয়ৰ মাজত যৌথ উদ্যোগ হিচাপে অসম ৰে'ল আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড (ARIDCL) গঠনত অনুমোদন • অসম চৰকাৰৰ ৫১% শ্বেয়াৰৰ পৰিৱৰ্তে ৰেল মন্ত্ৰালয়ৰ ৪৯% শ্বেয়াৰ থাকিব • অসমত ৰেল নেটৱৰ্ক বৃদ্ধি কৰা আৰু চলি থকা প্ৰকল্পসমূহৰ ক্ষিপ্ৰ ৰূপায়ণ নিশ্চিত কৰাৰ বাবে এই যৌথ উদ্যোগে প্রকল্পসমূহ চিনাক্ত কৰি বিতং প্রকল্প প্রতিবেদন প্রস্তুত কৰাৰ লগতে সম্ভাব্য বিত্তীয় ব্যৱস্থাপনাৰ কাম কৰিব
অসম চৰকাৰৰ কেবিনেট বৈঠক, ১১ জুন ২০২২ (৭)
ক) নবীকৰণযোগ্য শক্তিৰ উৎসসমূহৰ ব্যৱহাৰ * চৰকাৰী ভূমিত ১ গিগাৱাট ক্ষমতাৰ সৌৰশক্তি উৎপাদনৰ বাবে যৌথ উদ্যোগ কোম্পানী স্থাপনৰ বাবে নৱৰত্ন উদ্যোগ এন এল চি ইণ্ডিয়া লিমিটেডৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হ'ব। শক্তি খণ্ডত পি এছ ইউ সমূহৰ মাজত এইটোৱেই হ'ব প্ৰথমটো পদক্ষেপ খ) শক্তি বিতৰণৰ ক্ষেত্ৰত ৰূপান্তৰণ * প্ৰকল্পৰ ব্যয় হিচাপে ৮,৭২৭ কোটি টকা আৰু ৰাজ্যিক অংশীদাৰিত্ব ২৬৩ কোটি টকাৰ সৈতে সংস্কাৰ বিতৰণ খণ্ড আঁচনি (RDSS) ৰূপায়ণত অনুমোদন * আৰ ডি এছ এছৰ অধীনত এনার্জী একাউন্টিঙৰ বাবে ২,৭৮২টা ফিডাৰ আৰু ৭৭,৫৪৭টা ডিস্ট্রিবিউচন ট্ৰেন্সফর্মাৰৰ সৈতে প্ৰায় ৫৭.৪৫ লাখ স্মার্ট প্রিপেইড মিটাৰ স্থাপন কৰা হ'ব * লোকচান হ্ৰাস আৰু আধুনিকীকৰণৰ বাবে অন্যান্য ব্যৱস্থাৰ লগতে হাই ভল্টেজ বিতৰণ ব্যৱস্থাত ৪,৯০২টা ডিস্ট্রিবিউচন ট্রেন্সফৰ্মাৰ স্থাপন